মহিষমদ্দিৰ্নী মূৰ্তি
মহিষমদ্দিৰ্নী দেৱীৰ মূৰ্তি শিৱসাগৰ শিৱদ’ল, গৌৰীসাগৰ দেৱীদ’ল, কালুগাঁৱৰ জগদ্ধাত্ৰী দ’ল আদি আহোম যুগৰ প্ৰায়বিলাক শাক্ত-প্ৰধান দ’ল-দেৱালয়তে দেখা যায় যদিও মূৰ্তিসমূহৰ প্ৰায়বিলাক মূৰ্তিলক্ষণ ক্ষয়গ্ৰস্ত হোৱাত কেৱল অস্তিত্বহে অনুমান কৰিব পৰা অৱস্থাত আছে৷ এইক্ষেত্ৰত জগদ্ধাত্ৰী দ’লৰ মহিষমদ্দিৰ্নী মূৰ্তিটোৰ মুখমণ্ডল ক্ষয়গ্ৰস্ত যদিও বাকী দেহাংশ কম পৰিমাণে ক্ষয়গ্ৰস্ত অৱস্থাত পোৱা যায়৷ মূৰ্তিলক্ষণ–
দশভুজঃ সোঁহাতকেইখনত তলৰ পৰা তৃতীয়খনত ত্ৰিশূল আয়ুধৰ বাদে বাকীকেইখন হাতৰ আয়ুধ ধ্বংসগ্ৰস্ত৷ বাঁওহাতকেইখনত [ওপৰৰ পৰা তললৈ ক্ৰমে] খেটক, ধনু, বাকী দুখন অস্পষ্ট, একেবাৰে তলৰখনত সৰ্প [জগদ্ধাত্ৰী দ’ল]৷আনহাতে গৌৰীসাগৰ দেৱীদ’লৰ মহিষমদ্দিনী মূৰ্তিৰ বাওঁহাতৰ আয়ুধ [তলৰ পৰা ওপৰলৈ ক্ৰমে]শূল, চক্ৰ, গদা, খড়গ, ত্ৰিশূল৷ সোঁহাতৰ আয়ুধ সম্পুৰ্ণই ধ্বংসগ্ৰস্ত৷
বাহনঃ সিংহমুখ, অশ্ব ডিঙি আৰু ঈগল নখৰ সমাহাৰ ঘটা সিংহদেহী এক অদ্ভূতৰূপী জন্তু৷
আসনঃ প্ৰত্যালিঢাসন
ভঙ্গীঃ খেটক আৰু খড়গসহ প্ৰত্যালিঢাসনত অৱস্থানৰত মহিষাসুৰক আক্ৰমণাত্মক ভঙ্গীত
পৰিধানঃ কণ্ঠভূষণ, কঁকাললৈকে ওলমি থকা মালা, হাতত কঙ্কণ আৰু বাহুত কেয়ূৰ বলয়৷
পৰিচ্চদঃ আড়ম্বৰপূণ,ৰ্ জাকজমকতাপূৰ্ণ অধোবস্ত্ৰ৷
পৰিচাৰিকাঃ পদ্মচক্ৰ অধিষ্ঠানত চামৰহস্তা দুই পৰিচাৰিকা
মূৰ্তিতাত্ত্বিক ব্যাখ্যাঃ
শিল্পৰত্ন -ৰ মতে দশভূজা মহিষমদ্দিনী মূৰ্তিৰ সোঁফালৰ হাতৰ আয়ুধ ক্ৰমে ত্ৰিশূল, খড়গ, শক্তি, চক্ৰ আৰু ধনু৷ বাঁওফালৰ হস্তায়ুধ ক্ৰমে পাশ, অঙ্কুশ, খেটক, পৰশু আৰু ঘণ্টা৷ সিংহবাহনৰ ওপৰত সোঁভৰি আৰু বাঁওভৰি মহিষক হেঁচা মাৰি ত্ৰিভঙ্গী অৱস্থানত স্থানক৷ মৎস্যপুৰাণ তো একেধৰণেৰে নিৰ্দেশ দিয়া হৈছে৷ দেৱীৰ সোঁভৰি সিংহৰ ওপৰত আৰু বাঁওভৰিৰ বুঢ়া আঙুলি মহিষৰ পিঠিত কিঞ্চিৎ ঊৰ্ধম ভঙ্গীমাত থকাটো নিতান্তই আৱশ্যক৷
শাস্ত্ৰীয় নিৰ্দেশ অনুসৰি দেৱীৰ হস্তায়ুধ ক্ৰমে, শিৱ প্ৰদত্ত ত্ৰিশূল, কৃষ্ণৰ চক্ৰ, বৰুণৰ শঙ্খ, পাশ, অগ্নিৰ শূল, ইন্দ্ৰৰ বজ্ৰ, যমৰ দণ্ড, ব্ৰহ্মাৰ কমণ্ডলু, সূৰ্যৰ খড়গ আৰু খেটক, মৰুৎগণৰ ধনু আৰু বাণ আৰু শেষ নাগ প্ৰদত্ত নাগ৷ৰৰ কিন্তু দশভূজ মূৰ্তিফলকখনত পৰিলক্ষিত মহিষমদ্দিৰ্নীৰ দশভুজ আয়ুধৰ ক্ষেত্ৰত ত্ৰিশূল খেটক, ধনু আৰু সৰ্প, শূল, চক্ৰ, গদা, খড়গ আয়ুধহে দেখা যায়৷ বাকী হস্তায়ুধৰ লগতে দেৱী আৰু মহিষাসুৰৰ মুখমণ্ডল সম্পূৰ্ণই ধ্বংসগ্ৰস্ত৷
আনহাতে জগদ্ধাত্ৰী দ’ল তথা গৌৰীসাগৰস্থিত দেৱীদ’লত পৰিলক্ষিত হোৱা মহিষমদ্দিৰ্নীৰ মূৰ্তিত মহিষৰ পিঠিত দেৱীৰ বুঢা. আঙুলিৰ কিঞ্চিৎ ঊৰ্ধম ভঙ্গীৰ এই শাস্ত্ৰীয় নিৰ্দেশ অনুসৰণ কৰা দেখা নাযায়৷ বাকী লক্ষণসমূহ শাস্ত্ৰ নিৰ্দেশিত যদিও আয়ুধ বিন্যাস শাস্ত্ৰ নিৰ্দেশনাৰ পৰা কিঞ্চিৎ আঁতৰি আহিছে৷ সেইদৰেহিমবৎ প্ৰদত্ত দেৱীৰ সিংহ বাহনৰ সলনি সিংহমুখ, অশ্বৰ ডিঙি আৰু ঈগল নেজৰ সপক্ষ-সিংহদেহী অদ্ভূত জন্তু এটাহে দেখুওৱা হৈছে৷ সেইদৰে জাকজমকতাপূৰ্ণ অধোবস্ত্ৰৰ ক্ষেত্ৰতো শাস্ত্ৰীয় নিৰ্দেশ অনুসৰণ কৰা দেখা নাযায়৷ এয়া নিতান্তই আহোম যুগৰ নিজস্ব সংযোজন৷
আনহাতে, শিৱসাগৰৰ শিৱদ’লত ষোডড়শভুজা দেৱী মূৰ্তি এটা দেখা যায়৷ অসমৰ শৈল-ভাস্কৰ্যৰ ইতিহাসত ষোড.শভুজা মহিষমদ্দিৰ্নী দেৱীৰ মূৰ্তিটো এক বিৰল নিদৰ্শন৷ অৱশ্যে মূৰ্তিটোৰ আয়ুধ ধ্বংসগ্ৰস্ত হোৱাত পৰিচয় নিৰ্ণয়ত অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়৷
সাধাৰণতে ব্ৰহ্মাণ্ড পুৰাণ আৰু মাৰ্কণ্ডেয় পুৰাণৰ ‘দেৱী মাহাত্ম্য’ ত এই ৰূপৰ বৰ্ণনা আছে যদিও মৎস্য পুৰাণ, অগ্নিপুৰাণ আৰু কালিকা পুৰাণ আদিৰ ওপৰতো মহিষমদ্দিৰ্নীৰ মূৰ্তিতাত্ত্বিক নিদেশনা নিৰ্ভৰশীল৷ শিলত কটা এই ৰূপ মূৰ্তি অসমৰ বিভিন্ন ঠাইত পোৱা যায়৷ ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা অধিক সংখ্যক মহিষমদ্দিৰ্নী মূৰ্তি পোৱা যায় যদিও মূৰ্তিবোৰৰ প্ৰায়েখিনিৰে হাত, বাহু অথবা আয়ুধ ধ্বংসগ্ৰস্ত হৈ পৰিছে৷ সংৰক্ষণযোগ্যৰূপত খুউব কম সংখ্যক মূৰ্তিহে দেখা যায়৷ এইবিলাকৰ ভিতৰত সৰহভাগেই দশহস্তযুক্ত৷ অৱশ্যে অষ্টহস্তযুক্ত আৰু চতুৰ্হস্তযুক্ত মহিষমদ্দিৰ্নীৰ মূৰ্তিও দেখা যায়৷ ঢেকিয়াজুলিৰ ওচৰৰ চিৰাজুলি গাঁৱত এটা সুন্দৰ মহিষমদ্দিৰ্নীৰ মূৰ্তি দেখা যায়৷ জাকজমকীয়া এই মূৰ্তিটো অতিভঙ্গ অৱস্থানত খোদাই কৰা হৈছে৷ দেৱীৰ সোঁভৰি বাহন সিংহৰ ওপৰত আৰু বাঁওভৰি মহিষৰ কযামূৰটোৰ পিছত৷ দশহস্তযুক্ত মূৰ্তিটোৰ আয়ুধ, ঘড়ীৰ কাঁটাৰ দিশত ক্ৰমে – শূল, টংকা, বাণ, খড়্গ, ক্ষেত্ৰিকা, ধনু, পৰশু, অঙ্কুশ আৰু অসুৰৰ কেশবন্ধন৷কটিবস্ত্ৰ হিচাপে দীঘল শাৰী খোদাই কৰা হৈছে৷ মূৰ্তিটোৰ সোঁফালৰ ওপৰৰ হাতত থকা শূলে অসুৰৰ বুকু ভেদ কৰিছে৷ অসুৰৰ সোঁভৰি বাহন সিংহই কামৰিছে৷ দেৱীৰ লগত অসুৰে খড.গই যঁুজ কৰিছে৷ মূৰ্তিটোৰ পৃষ্ঠফলক ঘূৰণীয়া আৰু ৱতাত কোনোধৰণৰ আলঙ্কাৰিক নক্সা খোদাই কৰা হোৱা নাই৷ অৱশ্যে পৃষ্ঠফলকৰ শীৰ্ষত কীৰ্তিমুখ খোদাই কৰা হৈছে৷ আন এটা মহিষমদ্দিৰ্নীৰ মূৰ্তি দেখা যায় হাজোত৷ সৰু আকাৰৰ আগ্নে শিলত খোদিত মূৰ্তিটো বৰ্তমান দূৰ্গা মন্দিৰত স্থাপন কৰা হৈছে৷ দশহস্তযুক্ত মূৰ্তিটোৰ সোঁভৰি বাহনৰ পিছত আৰু বাঁভৰি মহিষাসুৰ ওপৰত৷ দশহস্তৰ আয়ুধ, ঘড.ৰ কাটাৰ দিশত ক্ৰমে ত্ৰিশূল, বাণ, অঙ্কুশ, গদা, শংখ, চক্ৰ, মচাল, ধনু আৰু নাগপাশ৷ মূৰত কৰণ্ডমুকুট, ডিঙিত হাৰ, বালা, কুণ্ডল আৰু নুপূৰ আদি অলঙ্কাৰে সজ্জিত৷ পৰিধানত কটিমেখেলা আৰু কটিবস্ত্ৰ দেখা যায়৷ সোঁফালৰ ওপৰৰ এক সুন্দৰ মূৰ্তি গুৱাহাটীৰ জি.এছ ৰ’দৰ কাষত থকা উলুবাৰীত দেখা যায়৷ এই মূৰ্তিটোও দশহস্তযুক্ত আৰু ত্ৰিভঙ্গৰত৷ বাহনৰ ওপৰত সোঁভৰি আৰু বাঁভৰি অসুৰৰ ওপৰত৷ আয়ুধ ক্ৰমে– ত্ৰিশূল, টংকা, অক্ষমালা, বাণ, খড.গ, ধনু, ঘণ্টা, অঙ্কুশ আৰু অসুৰৰ কেশবন্ধন৷ মহিষাসুৰ বুকুত দেৱীৰ ত্ৰিশূলে ভেদ কৰিছে৷ অসুৰৰ সোঁভৰিত বাহন সিংহই কামুৰিছে ৷ আন এটা সিংহই বাঁও ভৰিত কামুৰিছে৷ পৃষ্ঠফলকত বিদ্যাধৰ আৰু কীৰ্তিমুখ খোদাই কৰা হৈছে৷ শৈলীগত দিশৰ পৰা এই মূৰ্তিটো আনু. খ্ৰী. একাদশ শতিকাৰ বুলি অনুমান কৰা হৈছে৷ শুৱালকুচিৰ সিদ্ধেশ্বৰী মন্দিৰতো এটা মহিষমদ্দিৰ্নী মূৰ্তি দেখা যায়৷ উল্লিখিত মহিষমদ্দিৰ্নী মূৰ্তিৰ দৰে এই মূৰ্তিটোৰো অৱস্থানগত শৈলী একে৷ দশহস্তৰ আয়ুধ ক্ৰমে– ত্ৰিশূল, আয়ুধ অস্পষ্ট, পৰশু, খ-ৃগ, শূল, সপৰ্, চক্ৰ, ধনু, আয়ুধ অস্পষ্ট আৰু ঘণ্টা৷ খড়্গ ধৰি থকা দেৱীৰ লগত যুদ্ধ কৰা অসুৰৰ বুকুত ত্ৰিশূলে ভেদ কৰিছে৷ সচৰাচৰ ব্যৱহৃত আ-অলঙ্কাৰ আৰু পৰিধানত কটিবস্ত্ৰ আৰু কটিমেখেলা দেখা যায়৷ পৃষ্ঠফলকত কীৰ্তিমুখ আৰু দুটা বিদ্যাধৰ মূৰ্তি খোদাই কৰা দেখা যায়৷ একেধৰণৰ চতুহ™ৰ্¦যুক্ত শিলৰ মূৰ্তি এটা কামাখ্যা মন্দিৰৰ নাট মণ্ডপত আৰু কামাখ্যা মন্দিৰৰ পথৰ কাষত উমা-মহেশ্বৰৰ আৰু শিৱলিঙ্গৰ কাষত সৰু আকাৰৰ এটা মহিষমদ্দিৰ্নী মূৰ্তি দেখা যায়৷ অসম ৰাজি্যক সংগ্ৰহালয়ত দুটা বেয়াধৰণে ভাঙি যোৱা মহিষমূৰ্তি দেখা যায়৷ আটাইকেইটা মূৰ্তিয়েই সোঁভৰি বাহনৰ পিঠিত আৰু বাঁওভৰি মহিষাসুৰৰ ওপৰত৷ পূবেৰ্ উল্লিখিত দশহস্তযুক্ত মূৰ্তিবোৰৰ লগত চতুহ™ৰ্¦যুক্ত মূৰ্তিবোৰৰ বৈসাদৃশ্যৰ এইটোৱেই যে একেধৰণৰ আয়ুধ ধৰি থকা নাই নই৷ অৱশ্যে আটাইবোৰ আয়ুধেই সচৰাচৰ ব্যৱহৃত৷ অসমত অষ্টহস্তযুক্ত মহিষমদ্দিৰ্নী মূৰ্তি গুৱাহাটীৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ, পুৰণা পানী যোগান কায্যৰ্ালয়ৰ কাষত পোৱা গৈছে৷ অসমত বৰ্তমানলৈকে প্ৰাপ্ত অষ্টহস্তযুক্ত মহিষমদ্দিৰ্নীৰ মূৰ্তি এইটোৱেই একমাত্ৰ৷ নিম্নমানৰ শিলত খোদাই কৰাৰ বাবে মূৰ্তিটোৰ আৱয়বিক দিশৰ কিয়দংশ ক্ষতি হৈছে৷ মূৰ্তিটোৰ সোঁভৰি বাহন সিংহৰ পিঠিত আৰু বাঁওভৰি মহিষৰ ওপৰত৷ দেৱীৰ হাতত থকা আয়ুধৰ ক্ষেত্ৰত সোঁফালৰ ওপৰৰ হাতত খড.গ আৰু বাঁওফালৰ ওপৰৰ হাতত ক্ষেত্ৰিকা৷ সোঁফালৰ সন্মূখৰ হাতত শূলে অসুৰৰ বকুত ভেদ কৰিছে৷ বাঁওফালৰ সন্মুখৰ হাতত অসুৰ কেশবন্ধন৷ বাহন সিংহই অসুৰৰ সোঁভৰিত কামুৰ মাৰিছে৷ সচৰাচৰ ব্যৱহৃত আ-অলঙ্কাৰ আৰু বস্ত্ৰ দেখা যায়৷




Comments