প্ৰাচীন ভাৰতৰ মূৰ্তি-নিৰ্মাণ বিজ্ঞান
আধুনিক জ্যামিতি্যক পদ্ধতিৰসহায়ত কল্পনাতীত একো একো মূৰ্তি নিৰ্মাণ অনায়াসে সম্ভৱ হৈ পৰিছে ৷ একেবাৰে নিকট উদাহৰণ হিচাপে আমি যোৱা বছৰ গুজৰাটৰ নৰ্মদা জিলাত প্ৰতিষ্ঠাপিত ১৮২ মিটাৰ [৫৯৭ফুট] উচ্ছতাৰ বল্লভভাই পেটেল মূৰ্তিটোৰ কথা ক’ব পাৰোঁ, সমগ্ৰ বিশ্বই আজি যাক STATUE OF UNITY নামেৰে জানে ৷ কিন্তু প্ৰশ্ন নহয়নে যে আজিৰ দৰে আধুনিক জ্যামিতি্যক পদ্ধতি নোহোৱা প্ৰাচীন বিশ্বত অগণন প্ৰতিমূৰ্তি কেনেকৈ নিৰ্মাণ কৰা হৈছিল ? পাশ্চাত্যত লিঅ’নাড’ দা ভিন্সিৰ টোকাবহীখনেই [NOTE BOOK] বৰ্তমানলৈকে প্ৰাপ্ত প্ৰাচীন মূৰ্তি নিৰ্মাণ কলাৰ পদ্ধতিসম্বলিত একমাত্ৰ শাস্ত্ৰৰূপে জ্ঞান কৰি অহা হৈছে৷ পিছে ভাৰতত? ভাৰতৰ অসংখ্য মঠ-মন্দিৰৰ দেৱালত প্ৰতিষ্ঠাপিত তথা বিভিন্ন স্থানত উদ্ধাৰ হোৱা দেৱ-দেৱীৰ মূৰ্তিসমূহৰ বিধি-বিধানসম্বলিত শাস্ত্ৰ কিবা আছিল নে? যদি আছিল সেই সেই শাস্ত্ৰবোৰত মূৰ্তি নিৰ্মাণ বিধি-নিদেৰ্শনা সমূহ কেনেধৰণৰ আছিল?
শিল্পশাস্ত্ৰীয় বিধি-সিদ্ধান্তসম্বলিত গ্ৰন্থঃ
মূৰ্তি নিৰ্মাণ বিধি-বিধান সম্বলিত শাস্ত্ৰসমূহক সচৰাচৰ শিল্পশাস্ত্ৰ বা বাস্তুশাস্ত্ৰ বুলি কোৱা হয় ৷ এইখিনিতে এটা কথা বিশেষভাৱে উল্লেখ কৰিবলগীয়া যে, বাস্তুশাস্ত্ৰ বুলিলে আমি প্ৰায়েই একপক্ষীয় ধাৰণাকেই পোষণ কৰি আহিছোঁ৷ অৰ্থাৎ গৃহ-নিৰ্মাণ বিধি-বিধানসম্বলিত শাস্ত্ৰখনকেই বাস্তুশাস্ত্ৰ বুলি মানি আহিছোঁ৷ কিন্তু ‘বাস্তুশাস্ত্ৰ’ শব্দটোৱে পাঁচটা মূল শাখাক সামৰি লয়– ক] নগৰ-নিৰ্মাণ-বিধি, খ] গৃহ-নিৰ্মাণ-বিধি [ধম¹য় গৃহ-স্থাপত্য আৰু আৰু প্ৰাসাদ-স্থাপত্য], গ] মূৰ্তি-নিৰ্মাণ-বিধি, ঘ] চিত্ৰ-লক্ষণ-বিধি আৰু ঙ] বাঁহ-কাঠ আদিৰে আচবাব-নিমাৰ্ণ-বিধি৷ ‘বাস্তুশাস্ত্ৰ’ ইংৰাজী Architecture শব্দটোৰ প্ৰতিশব্দও নহয়৷ প্ৰাচীন ভাৰতত মূৰ্তি-নিৰ্মাণ বিধি-বিধানসম্বলিত অনেক শিল্প-শাস্ত্ৰ তথা বাস্তুশাস্ত্ৰৰ কথা পোৱাৰ লগতে পুৰাণ, সংহিতা, তন্ত্ৰ আৰু আগম শাস্ত্ৰসমূহেও মূৰ্তি নিৰ্মাণ কলাৰৰ প্ৰধান পৃষ্ঠাপোষকতা প্ৰদান কৰিছিল৷ এতেকে আমি মূৰ্তি-নিৰ্মাণ বিধি সিদ্ধান্ত সম্বলিত শাস্ত্ৰসমূহ দুটা ভাগ–বাস্তুশাস্ত্ৰীয় আৰু আনটো অ-বাস্তুশাস্ত্ৰীয়৷ বৰ্তমানলৈকে প্ৰাপ্ত তথা অতি প্ৰসিদ্ধ শিল্পবিধিসম্বলিত কেইখনমান উল্লেখযোগ্য বাস্তুশাস্ত্ৰ হ’ল– অগস্ত্যৰ সকলাধিকাৰ কাশ্যপৰ অংশুমদভেদ, শ্ৰীকুমাৰৰ শিল্পৰত্ন আৰু ময়াসুৰৰ ময়মত৷ এইকেইখনক দক্ষিণ-ভাৰতীয়মূলৰ শিল্পশাস্ত্ৰ বুলি কোৱা হয়৷ আনহাতে উত্তৰ-ভাৰতীয়মূলৰ উল্লেখযোগ্য শিল্পশাস্ত্ৰসমূহৰ ভিতৰত বিশ্বকৰ্ম-বাস্তুশাস্ত্ৰ [বিশ্বকৰ্ম-প্ৰকাশ], মহাৰাজ ভোজৰ সমৰাঙ্গণ-সুত্ৰধাৰ, মণ্ডনৰ বাস্তুশাস্ত্ৰ, ভূবনদেৱৰ অপৰাজিত-পৃচ্চা ৷ অৱশ্যে এই শিল্পশাস্ত্ৰসমূহৰ ৰচনাৰ সময় সন্দৰ্ভত বিদ্বানসকলৰ মাজত মতবিৰোধ আছে৷ কোনো কোনোৱে অপৰাজিত-পৃচ্চাক খ্ৰী. একাদশ শতিকাৰ আৰু সমৰাঙ্গণসূত্ৰধাৰ ৰচনাৰ সময় খ্ৰী. ত্ৰয়োদশ শতিকাৰ বুলি থিৰাং কৰিছে৷ বাকীকেইখন আনু. খ্ৰী. দশম শতিকাৰ পৰা খ্ৰী. পঞ্চদশ শতিকাত ৰচিত বুলি কোৱা হয়৷ আনহাতে পুৰাণ, সংহিতা, তন্ত্ৰশাস্ত্ৰ আৰু আগমশাস্ত্ৰসমূহক অবাস্তুশাস্ত্ৰীয় শ্ৰেণীত অন্তভূৰ্ক্ত কৰিব পাৰি৷ মূৰ্তিবিজ্ঞানৰ বিধি-সিদ্ধান্তসম্বলিত উল্লেখযোগ্য পুৰাণ, সংহিতা, তন্ত্ৰ আৰু আগমসমূহৰ ভিতৰত – বিষ্ণুধৰ্মোত্তৰ, মৎস্যপুৰাণ, অগ্নিপুৰাণ, পদ্মপুৰাণ, বৃহৎ-সংহিতা, কামিকাগম, কৰ্ণাগম ,বৈখানসাগম, অংশুমদভেদাগম, সুপ্ৰভেদাগম, গৌতমী তন্ত্ৰ,কালীতন্ত্ৰ, মহানিৰ্বাণতন্ত্ৰ৷ তদুপৰি গৰুড.পুৰাণ, লিঙ্গপুৰাণ, স্কন্দপুৰাণ আৰু ভৱিষ্য পুৰাণতো কম-বেছি পৰিমাণে মূৰ্তিবিজ্ঞান তথা মূৰ্তি-মানবিজ্ঞানৰ বিধি-সিদ্ধান্তৰ বিষয়ে পোৱা যায়৷ এটা কথা উল্লেখযোগ্য যে শিল্পশাস্ত্ৰসমূহত মূৰ্তিৰ জোখ-মাখ সন্দৰ্ভত [Iconometry] বিস্তৃত বৰ্ণনা পোৱাৰ ব্যতিৰেকে পুৰাণ, সংহিতা, তন্ত্ৰ, আগমশাস্ত্ৰসমূহত মূৰ্তিৰ জোখ-মাখ আদি জ্যামিতি্যক বৰ্ণনাতকৈ মূৰ্তিতাত্ত্বিক [Iconology] তথা¸ মূৰ্তিবৈজ্ঞানিক[Iconography]বিধি নিৰ্দেশনাসমূহ বিশেষ গুৰুত্বসহকাৰে আৰু বিস্তৃতৰূপত বৰ্ণনা কৰা হৈছে ৷
মূৰ্তি-নিৰ্মাণৰ শাস্ত্ৰীয় বিধি-সিদ্ধান্তঃ
মূৰ্তিৰ মান-যোজনা সন্দৰ্ভত অনেক সূক্ষ্ম মীমাংসা আছে৷ শিল্পশাস্ত্ৰ, আগম আৰু পুৰাণসমূহত মূৰ্তিৰ মান-যোজনাৰ দুটা প্ৰধান শাখা দেখা দেখা যায়৷ যথা–আঙ্গুল মান আৰু তালমান ৷ ই×য়াতো দুটা উপভাগ– স্বাশ্ৰয় [absolute] মান আৰু সহায়ক মান বা সম্বন্ধীয় [relative] মান৷ প্ৰথমটোৰ আধাৰ কোনো প্ৰাকৃতিক পদাৰ্থ [natural objects]ৰ দৈৰ্ঘ্যতা আৰু আনটো মূৰ্তিৰ অঙ্গ-বিশেষ অথবা অৱয়ব-বিশেষৰ দৈৰ্ঘ্যতাৰ ওপৰত আধাৰিত৷ আঙ্গুল মান হৈছে কোনো মূৰ্তিৰ জোখ-মাখৰ সূক্ষ্মতম একক৷ সমৰাঙ্গণ-সূত্ৰধাৰ ৰ ‘মানোৎপত্তি’ নামৰ ৭৫ নং অধ্যায়ত আৰু মানসাৰ শিল্পশাস্ত্ৰ১৪১ নং অধ্যায়ৰ পৰা ৪৬ নং অধ্যায়লৈকে থকা স্বাশ্ৰয়-মান পদ্ধতি [absolute system] সম্পৰ্কে পোৱা যায়। দ্ৰষ্টব্যঃ মূৰ্তি-বিজ্ঞান, ড০ অনুপম বড়া, ৰামধেনু পাব্লিচিংচ, ডিব্ৰুগড়। মানসাৰ শিল্পশাস্ত্ৰৰ ৫৫ সংখ্যক অধ্যায়ত আঙ্গুল মান-যোজনাৰ তিনিটা প্ৰকাৰ আছে৷ সেইকেইটা হৈছে– মানাঙ্গুলম্, মাত্ৰাঙ্গুলম্ আৰু দেহলঙঘাঙ্গুলম্৷ ৮ টা যৱধানেৰে গঠন হোৱা এক আঙ্গুলমানকে মানাঙ্গুলম বুলি কোৱা হয়৷ মূৰ্তি নিৰ্মাণ কৰা শিল্পী বা মূৰ্তিৰ মধ্যমা অঙ্গুলিৰ মধ্য পবৰ্ৰ জোখেই মাত্ৰালুঙ্গম৷ মূৰ্তিৰ সম্পূৰ্ণ অৱয়বককোনো প্ৰকাৰে সমভাগত বিভাজন কৰি [উত্তম দশতাল মূৰ্তিৰ ১২৪ অংশ, মধ্যমা দশমতাল মূৰ্তিৰ ১২০ অংশ, অধম দশতাল মূৰ্তিৰ ১২০ অংশৰ] তাৰ প্ৰতে্যক সমভাগৰ এক অংশক দেহ-লঙঘ-অঙ্গুল অথবা সংক্ষেপতদেহাঙ্গুল বুলি কোৱা হয়৷বিষ্ণুধৰ্মোত্তৰ, বৃহৎ-সংহিতা, শুক্ৰনীতিসাৰ, চিত্ৰ লক্ষণ, উত্তম নৱতাল, মানসাৰ, সমাৰাঙ্গণ সূত্ৰধাৰ, আগম আদি প্ৰায়বিলাক শাস্ত্ৰতে মূৰ্তিৰ মান-প্ৰক্ৰিয়াৰ বিষয়ে সূক্ষ্ম আৰু বিস্তৃত বৰ্ণনা দিয়া আছে ৷ এই শিল্পশাস্ত্ৰসমূহত থকা মূৰ্তিৰ বিভিন্ন অংশৰ
মানযোজনাৰ তালিকা প্ৰস্তুত কৰা হৈছে৷ সমৰাঙ্গণসূত্ৰধাৰ ১৭৬ নং অধ্যায়ত দেহাৱয়ৰ মানতাত্ত্বিক জোখমাখৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ আছে ৷ নাৰী মূৰ্তিসমূহৰ মানৰ বিষয়ে সমৰাঙ্গণসূত্ৰধাৰ -অত উল্লেখ আছে যে পুৰুষমূৰ্তিৰ মান নাৰী মূৰ্তিসমূহতো প্ৰযোজ্য, কেৱল নাৰীৰ বক্ষ আৰু কটি বিশিষ্ট প্ৰমাণৰ ওপৰত আধাৰিত হয় ৷ বক্ষ ১৮ আঙ্গুল আৰু কটি ২৮ আঙ্গুল বুলি নিৰ্দেশ কৰা হৈছে ৷ বৰাহ মিহিৰে বৃহৎ-সংহিতা ত আৰু বিষ্ণুধেৰ্ৰ্মাত্তৰ পুৰাণত অঙ্গুলমানসহ পঞ্চশ্ৰেণী মানৱৰ পৰিচয় পোৱা যায় ৷ সেইকেইটা হৈছে–
ক] হংসঃ বৃহৎ-সংহিতাৰ মতে ৯৬ আঙ্গুল দৈৰ্ঘ্য ; বিষ্ণুধৰ্মোত্তৰ ৰ মতে দেহদৈৰ্ঘ্য ১০৮ আঙ্গুল খ] শশকঃ বৃহৎ-সংহিতাৰ মতে ১০৮ আঙ্গুল দৈৰ্ঘ্য ; বিষ্ণুপুৰাণ ৰ মতে দেহদৈৰ্ঘ্য ৯০ আঙ্গুল গ] ৰুচকঃ বৃহৎ-সংহিতাৰ মতে ১০৫ আঙ্গুল দৈৰ্ঘ্য ; বিষ্ণুপুৰাণ ৰ মতে দেহদৈৰ্ঘ্য ১০০ আঙ্গুল ঘ] ভদ্ৰঃ বৃহৎ-সংহিতাৰ মতে ৯৯ আঙ্গুল দৈৰ্ঘ্য ;
বিষ্ণুপুৰাণৰ মতে দেহদৈৰ্ঘ্য ১০৬ আঙ্গুল
ঙ] মালৱ্যঃ বৃহৎ-সংহিতাৰ মতে ১০২ আঙ্গুল দৈৰ্ঘ্য ; বিষ্ণুপুৰাণৰ মতে দেহদৈৰ্ঘ্য ১০৪ আঙ্গুল আনহাতে বিষ্ণুধৰ্মোত্তৰ পুৰাণত এই পঞ্চপ্ৰকাৰৰ মানৱৰ কেৱল অঙ্গুলমানেই নহয়, দেহাৱয়ব আৰু মুখাবয়ৱৰ প্ৰকাৰভেদে থাকিব লগা ৰৌপিক বৈশিষ্ট্যৰ বিষয়েও বিতং বৰ্ণনা কৰা হৈছে৷ আনহাতে, তালমান হৈছে ভাস্কৰ্যমূৰ্তিৰ দৈৰ্ঘ্যৰ একক৷ পুৰাণ, সংহিতা, তন্ত্ৰ, আগমশাস্ত্ৰ আৰু শিল্পশাস্ত্ৰৰ সিদ্ধান্ত অনুসৰি মূৰ্তিৰ লক্ষণ আৰু তালমানৰ আনুপাতিক জোখমাখক লৈয়ে শিল্পীসকলে ভাস্কৰ্য নিৰ্মাণ কৰিছিল৷ ভাৰতীয় শাস্ত্ৰীয় মানবৈজ্ঞানিক বিধি অনুসৰি জোখ-মাখৰ প্ৰাথমিক এককটোক ‘আঙ্গুল’ বা আঙুল বুলি কোৱা হয় আৰু বাৰ আঙুলেই এক ‘তাল’ ৷ আগমশাস্ত্ৰসমূহ আৰু মানসাৰ, সমৰাঙ্গণ-সূত্ৰধাৰ আদি শিল্পশাস্ত্ৰত মূৰ্তিৰ তালমানৰ তাত্ত্বিক বিধি-সিদ্ধান্তৰ বিষয়ে বিস্তৃত বৰ্ণনা পোৱা যায়৷ মৎস্যপুৰাণৰ [২৫৮ অধ্যায়ত] মতে, তালমানৰ আধাৰ হৈছে সশীৰ্ষ মুখমান ৷ অৰ্থাৎ মুখৰ দৈৰ্ঘ্যতাই হৈছে এক তাল ৷ সাধাৰণতে শিল্পশাস্ত্ৰসমূহত শিল্পীৰ বা মূৰ্তি একোটাৰ হাতৰ মণিবন্ধনৰ পৰা মধ্যমা আঙুলিৰ শীৰ্ষৰ মাজৰ দূৰত্বকে একতাল হিচাপে ধৰা হয়৷মানসাৰ শিল্পশাস্ত্ৰত দশতাল মানৰ কথা উল্লেখ আছে আৰু বিম্বমানত দ্বাদশতালৰ কথা কোৱা হৈছে৷ ইয়াৰে প্ৰতে্যকৰে আকৌ পুনৰ তিনিটা উপবিভাগ আছে– উত্তম, মধ্যম আৰু অধম৷ বৈখানসাগম ত বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিভেদে তালমান আৰু আঙ্গুলমানৰ মান-যোজনা নিৰ্দেশ কৰিছে এনেদৰে–
তালমান মূৰ্তি-সংজ্ঞা
উত্তম-দশতাল ব্ৰহ্মা, বিষ্ণু, শিৱ, দত্তাত্ৰেয়, বুদ্ধ, জৈন, আৰু বাসুদেৱ মূৰ্তি ১২৪
মধ্যম-দশতালঃ শ্ৰীদেৱী, ভূ-দেৱী, উমা, সৰস্বতী, দূৰ্গা, সপ্ত-মাতৃকা, ঊষা মূৰ্তি ১২০
অধম-দশতালঃ ইন্দ্ৰাদি লোকপাল, চন্দ্ৰ-সূৰ্য, দ্বাদশ-আদিত্য, একাদশ-ৰুদ্ৰ, অষ্ট-বসুগণ, অশ্বিনীদ্বয়, ভৃগু তথা মাকণ্ডেয়ে,গৰুড., শেষ, দূগাৰ্, গুহ [সুব্ৰহ্মণ্য], সপ্তঋষি, গুৰু[বৃহস্পতি], কাৰ্তিকেয়, আৰ্য, চণ্ডেশ তথা ক্ষেত্ৰপাল ১৬
উত্তম নৱতালঃ কুবেৰ তথা দিকপাল আদি গৌণ দেৱ-দেৱীসমূহৰ মূৰ্তি ১১৪
মধ্যম নৱতালঃ অস্থিৰ মূৰ্তিসমূহ যেনে, দৈত্য, যক্ষেশ, উগেশ, সিদ্ধ, গন্ধবৰ্, চাৰণ,ৰাক্ষস, অসুৰ, যক্ষ, অপ্সৰাসকল, মৰুৎগণ মূৰ্তি ১০৮
অধম নৱতালঃ পূজ্য সন্তসকল, সিদ্ধপুৰুষৰ মূৰ্তিঅষ্টতালঃ মানৱ মূৰ্তি ৯৬
সপ্ততালঃ বেতাল আৰু প্ৰেত মূৰ্তি ৮৪
ষষ্ঠতালঃ প্ৰেত মূৰ্তি, গণেশ, বৰাহ আৰু কুৰ্ম ৭২
পঞ্চতালঃ কুব্জ আৰু বিঘ্নেশ্বৰ মূৰ্তি, ষাঁড. আৰু বামন ৬০
চতুঃতালঃ বামন আৰু বালক মূৰ্তি ৪৮
ত্ৰিতালঃ ভূত আৰু কিন্নৰ মূৰ্তি ৩৬
দ্বিতালঃ কুষ্মাণ্ড মূৰ্তি ২৪
একতালঃ কবন্ধ মূতি ১২
বৈখানসাগম ত মানৱশৰীৰক মান, প্ৰমান, উন্মান, পৰিমাণ, উপমান আৰু লম্বমান এই ছটাবৰ্গত বিভাজিত কৰিছে৷ মূৰ্তিৰ অৱয়বগত দৈৰ্ঘ্যতাৰ জোখেই হৈছে মান আৰু প্ৰমাণ -এ তাৰপথালিটোক নিৰ্দেশ কৰে৷উন্মান-এ মূৰ্তিৰ দেহ-সৌষ্ঠৱতাক [thickness] প্ৰতিনিধিত্ব কৰে, পৰিমাণ-এ পৰীণাহ [girth], উপমান-এ দুটা অৱয়বৰ [যেনে মূৰ্তি ভৰি দুটা] মাজৰ অৱকাশক আৰু লম্বমান -এ প্ৰলম্ব-ৰেখাসমূহৰ [inter-spaces] মানক প্ৰতিনিধিত্ব কৰে৷ ইয়াৰ অতিৰিক্ত অন্য সহায়ক মান যেনে– প্ৰাদেশ, তাল, বিতস্তি আৰু গোকৰ্ণ আদিও বিশেষভাৱে উল্লেখযোগ্য৷ বুঢ.া আঙুলি আৰু তৰ্জনী আঙুলি খুব বেছিকৈ মেলি দিলে যি ফাঁক হয়, সেই ফাঁকৰ জোখক প্ৰাদেশ মান বুলি কোৱা হয়৷ সেইদৰে বুঢ.া আঙুলি আৰু মধ্যমা আঙুলিৰ মাজৰ অৱকাশক তাল, বুঢ.া আঙুলিআৰু অনামিকাৰ মাজৰ অৱকাশক বিতস্তি তথা বুঢ.া আঙুলি আৰু কণিষ্ঠা মাজৰ অৱকাশক গোকৰ্ণ মান বুলি কোৱা হয়৷ মূৰ্তি-নিৰ্মাণ বিধি-সিদ্ধান্তীয় শাস্ত্ৰত প্ৰতিপাদিত মান-বিধিসমূহৰ অনুসৰি নিৰ্মিত দেৱ-দেৱীৰ ভাস্কৰ্যসমূহহে পূজাৰ বাবে যোগ্য বিবেচিত হয়৷ মূৰ্তি নিৰ্মাণৰ মান-যোজনাৰ এই অনিবাৰ্যতাৰ ফালৰপৰা ক’ব পাৰি যে, ভাৰতীয় স্থাপত্য আৰু ভাস্কৰ্যকৰ্ম এক ধমীয়কাৰ্যহে– যজ্ঞীয় কৰ্মৰ সমানেই আছিল পবিত্ৰ৷ এতেকে মূৰ্তি নিৰ্মাণৰ পূবেৰ্ শিল্পীসকলে নিজৰ শৰীৰ আৰু মন, প্ৰজ্ঞা আৰু শীলতাক প্ৰতীমা-নিৰ্মাণৰ যোগ্য কৰি তুলিবৰ বাবে অনেক সাধনা-নিয়মো পালন কৰিব লাগে৷ একেসময়তে শাস্ত্ৰজ্ঞ, প্ৰাজ্ঞ, শীলবান আৰু কৰ্মদক্ষ হোৱাৰ লগতে শিল্পীসকলে মূৰ্তি নিৰ্মাণকালত পূৰ্ণ ব্ৰহ্মচৰ্য ব্ৰত পালন কৰাটোও আছিল অনিবাৰ্য ধম¹য় চৰ্ত৷ শিল্পীসকলেঁ সম্পূৰ্ণ ভোজন নকৰিব, দেৱ-যজ্ঞ কৰা হোৱা যজ্ঞীয়-অন্নৰেহে নিজৰ শৰীৰ-যাত্ৰা সম্পাদন কৰিব৷ শৰ্যাত শয়ন নকৰিব৷ ধৰণীপৃষ্ঠতহে বিশ্বাম গ্ৰহণ কৰিব লাগিছিল ৷ এইধৰণৰ দৈহিক শুদ্ধি, দৈৱী সাধনা আৰু আধ্যাত্মিক উপাসনাৰ দ্বাৰা সম্পূৰ্ণ নিৰ্মল হৈহেমূৰ্তি নিৰ্মাণ কাৰ্যত ব্ৰতী হ’ব পাৰিছিল ৷ এতেকে দেখা যায় যে আজিৰ দৰে আধুনিক মান-পদ্ধতি নোহোৱা সত্বেও শিল্পশাস্ত্ৰীয় বিধি-সিদ্ধান্তসমূহৰ আধৰতেই ৰূপদক্ষসকলে নিষ্ঠাসহ¸ অসংখ্য দেৱ-দেৱীৰ মূৰ্তি নিখুঁটভাৱে নিৰ্মাণ কৰিছিল৷ এইখিনিতে উল্লেখযোগ্য যে, শিল্পশাস্ত্ৰ তথা পুৰাণ-সংহিতাসমূহত মূৰ্তিৰ মান-পদ্ধতিৰ বৰ্ণনাই কেৱল নাছিল, সমান্তৰালভাৱে মূৰ্তি নিৰ্মাণ দ্ৰব্য [শিল, কাঠ, মাটি] আদি নিৰ্বাচন আৰু চয়ন পদ্ধতিৰ বিষয়েও বিতং ব্যাখ্যা পোৱা যায়
৷ এই সন্দৰ্ভত পৰৱত¹সময়ত আলোকপাত কৰাৰ প্ৰয়াস কৰা হ’ব৷
Comments