নামসিংহ বনাম পাখীলগা সিংহঃ
--- ড০ অনুপম বড়া, সহকাৰী অধ্যাপক, ইউ.এম. কে. কলেজ, মাজুলী
নামঘৰ-স্থাপত্যত সিংহৰ অদ্ভূতৰূপী প্ৰতীকি-ভাস্কৰ্য এটা দেখা যায়– যাক আমি সাধাৰণতে নামসিংহ নামৰে জানো ৷ অঞ্চলভেদে এই প্ৰতীকলেখটোৰ আকৌ বিভিন্ন ৰূপ-বৈশিষ্ট্যও আছে ৷ নামসিংহৰ এই প্ৰতীকলেখটোৰ [motif] লগতে নামঘৰৰ সিংহাসন খনৰ লগতে নামঘৰৰ তোৰণ তথা বাটচ’ৰাতো বহুসময়ত আমি পাখীলগা সিংহ তথা ঘোঁৰাৰ দৰে মুখ, ড্ৰেগনৰ দৰে কাঁইটীয়া ডিঙি বিশিষ্ট আৰু সিংহ সদৃশ কঁকালৰ অদ্ভূতৰূপী জন্তু এটাৰ প্ৰতীকলেখো দেখা পাওঁ ৷ এই প্ৰতীকলেখটোৰ তাৎপৰ্য তথা ইয়াৰ উৎপত্তি সম্পৰ্কে আমি প্ৰায়ে অৱগত নহয় ৷ এই সন্দৰ্ভত লাভ কৰা যৎ-সামান্য তথ্যকে সজাই-পৰাই পূবাকাশৰ অনুসন্ধিৎসু পঢুৱৈলৈ বুলি আগবঢ়ালো ৷
নামসিংহ আমাৰ নামঘৰ-স্থাপত্যৰ প্ৰধান প্ৰতীকি-ভাস্কৰ্য ৷ নামসিংহ সাধাৰণতে সিংহাসনৰ আটাইকেইটা খলপাতে থাকে আৰু কেতিয়াবা দ্বাৰ -তোৰণ বা বাটচ’ৰাতো দেখা যায় ৷ নামসিংহত প্ৰতীকলেখটোত পৰিলক্ষিত হোৱা হাতী আৰু সিংহ এই দুটাই প্ৰধান প্ৰতীক ৷ সিংহৰ তলত অৰ্থাৎ সিংহই কাল মূৰ্তি ধৰি গ্ৰাস কৰি থকা অৱস্থাত হস্তীৰ অৱস্থান দেখা যায় ৷ অৰ্থাৎ হস্তীয়ে আঁঠু কাঢি. বশ্যতা স্বীকাৰ কৰি ম্ৰিয়মান হৈ থকা আৰু সিংহই তাক নখেৰে মূৰত আৰু পিঠি ভাগত ধৰি থাকে ৷ নামধৰ্মৰ সাধন মাৰ্গত সিংহ নামশক্তিৰ প্ৰতীক আৰু হাতীলোভ বা পাপৰ প্ৰতীক হিচাপে ধৰা হয়৷ শঙ্কৰদেৱ-মাধৱদেৱৰ বৰগীত, কীৰ্তন আৰু নামঘোষা ৰ লগতে কথা-গুৰু-চৰিত আৰু গুৰু চৰিত কথাতো ইয়াৰ অনেক উদাহৰণ পোৱা যায়৷ যেনে –
‘নাম পঞ্চানন নাদে পলাৱত ৷ পাপ দন্তী ভয়ভীত৷৷ বুলিতে গুৰু নিতে শত নিতৰে ৷ নাম ধৰম বিপৰীত ৷৷ ’[বৰগীত] ;
‘ পুণ্য অৰণ্যৰ মাজে ৷ মাধৱৰ নাম সিংহ ৷
প্ৰকাশ কৰয় অতি বৰে৷৷
যাৰ ধ্বনি ভয়ে ৷ মহা পাপ হস্তীচয়৷
পলায় অতি ত্ৰাসত লৱৰে ৷৷ ’[নামঘোষা] ৷
হাতীৰ দুটা প্ৰকৃতি থাকে – এটা বনৰীয়া আৰু আনটো ঘৰচীয়া ৷ নামধৰ্মৰ সাধন মাৰ্গত ‘হৰি বিৰোধী’ আৰু ‘অশৰণীয়া’জন প্ৰথমটো প্ৰকৃতি [বনৰীয়া] বুলি ধৰা হয় ৷ নামসিংহৰ বিষয় পৰিকল্পনাত নতুনত্ব যেনেকৈ দেখা যায় তেনেকৈ প্ৰকাশভঙ্গীৰ ওজস্বীতাও মন কৰিবলগীয়া ৷ সিংহটোৰ আৱয়ৱিক বিপুলতাৰ লগত মহাকালৰ অভিব্যঞ্জকতাও প্ৰকাশ পাইছে ৷ সেইদৰে হাতীটোৰ কৃশতাই মহাকালৰূপী সিংহটোৰ শৌৰ্য-বীৰ্য-বিভূতিৰ নিজস্ব মহিমাৰে জিলিকি পৰাত সহায় কৰিছে৷ এনেধৰণৰ প্ৰতীকলেখ [motif] ভাৰতীয় মন্দিৰভাস্কৰ্যত দেখা পোৱা গজব্যালৰ লগত ভালেখিনি সাদৃশ্য আছে৷ গজব্যালৰ মূৰ্তি দক্ষিণ ভাৰতৰ মন্দিৰ-স্থাপত্যত অধিক সুলভ ৷ অৱশ্যে গজব্যাল ক দক্ষিণ ভাৰতত ‘য়ালি’ [Yali] বুলিহে কোৱা হয়৷ ভাৰতৰ অন্যপ্ৰান্তৰৰ গজব্যালৰ মূুৰ্তিৰ লগত য়ালিৰ ৰূপাঙ্গৰ দিশত কিছু বৈশিষ্ট্য আছে৷ ইয়াৰ মুখখন সিংহৰ যদিও হাতীৰ দৰে শুঁৰবিশিষ্ট ৷ অৱশ্যে ভাৰতীয় বাস্তুশাস্ত্ৰত গজব্যাল বা য়ালিৰ ষোল্লটা প্ৰকাৰ আছে বুলি উল্লেখ পোৱা যায়৷ ইয়াৰ ভিতৰত গজব্যাল, সিংহব্যাল, অশ্বব্যাল, শ্বানব্যাল, মকৰব্যাল আদি মন্দিৰ-স্থাপত্যত অধিক প্ৰসিদ্ধ ৷ এই প্ৰতীকলেখসমূহে মন্দিৰ-স্থাপত্যৰ সমুখভাগ শুৱনি কৰিছিল বুলিয়ে সচৰাচৰ ভৱা হয় যদিও সিংহ অথবা হাতীতকৈ ৱলৱন্ত ৰূপে কল্পনা কৰা এই য়ালি বা গজব্যাল নামৰ অদ্ভূতৰূপী জন্তুৰ মূৰ্তিবিলাক প্ৰতিৰক্ষামূলক প্ৰতীকৰূপেহে [protective motif] ভাৰতীয় মন্দিৰ-স্থাপত্যত স্থান লাভ কৰিছিল৷ সাধাৰণতে বহি থকা হাতী এটাক সিংহ এটাই বশ কৰি থকা ভঙ্গীত এই প্ৰতীকলেখৰ মূৰ্তিটো নিৰ্মাণ কৰা হয় ৷ অসমতো বিশেষকৈ বাইহাটা চাৰিআলিৰ ওচৰৰ মদন-কামদেৱ পাহাৰৰ ওপৰে ওপৰে থকা লানিটোৰ মাজত এই গজব্যালৰ মূৰ্তি পোৱা যায়৷ তেজপুৰৰ ক’ল পাৰ্কটো গজব্যালৰ মূৰ্তি এটা আছে ৷ মানুহৰ দৰে দুটা ভৰিৰ ওপৰত নিৰ্ভৰ কৰি সৰু হাটী এটাৰ ওপৰত কালমূৰ্তি ধৰি অৱস্থান কৰা সিংহ মূৰ্তি এটা গুৱাহাটীৰ সংগ্ৰহালয়তো দেখা যায় ৷ সেয়া যি নহওক, নামঘৰস্থাপত্যত দেখা নামসিংহ ৰ প্ৰতীকলেখটো গজব্যালৰ লগতহে অধিক ওচৰ সম্পৰ্ক৷ অৱশ্যে এই কথা উল্লেখযোগ্য যে, ভাৰতীয় মন্দিৰ-স্থাপত্যৰ দ্বাৰ-তোৰণ, স্তম্ভ আদিত স্থাপন কৰা বা খোদাই কৰা প্ৰতিৰক্ষামূলক প্ৰতীকৰূপী এই অদ্ভূতৰূপী ব্যাল মূৰ্তিবোৰৰ তাৎপৰ্য যিয়েই নহওক, অসমৰ নামঘৰ-স্থাপত্যত ই পৰিৱৰ্তিত মূৰ্তিতাত্ত্বিক দৃষ্টিকোণেৰে অৰ্থাৎ নামধৰ্মৰ সাধন মাৰ্গৰ আওতাত নামসিংহ নামেৰে এক সুকীয়া প্ৰতীকলেখৰূপে আত্মপ্ৰকাশ কৰিলেহিবুলি ক’ব পাৰি৷ অৰ্থাৎ নামসিংহৰ প্ৰতীকি অৰ্থই ইয়াকে সূচায় যে, সিংহক নামৰ প্ৰতীক আৰু হাতীক পাপৰ প্ৰতীক হিচাপে গ্ৰহণ কৰি শঙ্কৰদেৱৰ নামধৰ্মই দিক্ভ্ৰষ্ট জীৱনক‘ভকতবস্তু সিংহ একশণ্ণৰ্ পৰিপক হৈ সেৱাসুখে নিপুন’ হ’বলৈ দিক্ দৰ্শন কৰাই মহা বলৱন্ত সিংহৰূপী নাম কীৰ্তনৰ যোগেদি মহা মাতঙ্গ হস্তীৰূপী পাপ-লোভ-মোহ-মায়া আদি ৰিপুসমূহৰ পৰা মুক্ত হ’বলৈ আহ৩ান জনোৱাৰ উদ্দেশ্যতে নামসিংহ নামৰ ৰূপাংগটো বা প্ৰতীকলেখটোৰ [motif] সৃষ্টি৷আনহাতে পাখীযুক্ত সিংহৰ মূৰ্তি আহোম যুগৰ মন্দিৰ-স্থাপত্যত দেখা যায় যদিও আজিকালি কিছুমান নামঘৰ-স্থাপত্যৰ তোৰণ তথা বাযচ’ৰাত প্ৰায়েই দেখা যায় ৷ এই পাখীযুক্ত সিংহটো আপাত আমাৰ পৰিচিত সিংহৰ দৰে নহয়৷ মুখখন ঘোঁৰাৰ দৰে, দেহৰ পিছ অংশ সিংহৰ, ডিঙি অংশ ডেগ্ৰনৰ আৰু ডেউকাবিশিষ্ট এই অদ্ভূতৰূপী জন্তুটো টাই সংস্কৃতিৰ অৱদান বুলি বহুতে ক’ব খোজে৷ অৱশ্যে টাই সংস্কৃতিৰ উপৰিও ভাৰতৰ সাঁচীৰ তোৰণ, মথুৰা আৰু অমৰাৱতীৰ স্তুপত এনেধৰণৰ পাখীযুক্ত সিংহ দেখা যায় ৷ পাখিলগা সিংহৰ এই জন্তুৰ প্ৰতীকটো পশ্চিমতো দেখা যায় ৷ মন কৰিবলগীয়া যে ইজিপ্তৰ ৰজা চেফ্ৰনৰ পিৰামিডৰ সমুখত থিয় হৈ আছে বৃহৎ এক শিলত কাটি উলিওৱা বিখ্যাত স্ফীংচৰ ৬৫ ফুট উচ্ছতাৰ মূৰ্তিটো ৷ স্ফীংচ দেহটো সিংহৰ, মূৰটো ৰজা চেফ্ৰনৰ মুখাকৃতিৰে নিৰ্মিত৷ আনহাতে ইয়াৰ দুহেজাৰ বছৰৰ পিছত অৰ্থাৎ আনু. খ্ৰী.পূবৰ্ ৫০০ শতিকাত গ্ৰীচৰ থিব্চ নগৰৰ প্ৰৱেশদ্বাৰত প্ৰতীক্ষাৰত অৱস্থানত পাখীযুক্ত এটা সিংহীৰ মূৰ্তি আছিল৷ মূৰ্তিটোৰ মুখাৱয়ব নাৰীৰ, স্ফীত স্তনযুগলসহ নাৰী বক্ষসদৃশ যদিও ডেউকাবিশিষ্ঠ আৰু বক্ষৰ তলৰছোৱা সিংহৰ দেহাৱয়ব৷ এতেকে পাখীযুক্ত সিংহমূৰ্তি গ্ৰীকসকলৰ অৱদান বুলিয়েই পণ্ডিতসকলে ক’ব খোজে৷ কিন্তু এইখিনিতে আন এটা প্ৰশ্নৰ উদয় হয়, পাখীযুক্ত হোৱাৰ কাৰণ বাৰু পশ্চিমৰে প্ৰভাৱ কিন্তু অসমত দেখা পোৱা পাখীযুক্ত সিংহৰ দেহ অৰ্ধাংশই সিংহৰ ৰূপাকৃতিৰ নোহোৱাৰ কাৰণ কি? অথাৰ্ৎ মুখখন ঘোঁৰাৰ দৰে, ডিঙি বা গলধন ড্ৰেগনৰ দৰে কাঁইটীয়া আৰু দেহৰ পিছ অংশহে সিংহ হোৱাৰ কাৰণ কি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি নিশ্চিতভাৱেই লোকশিল্পীৰ শিল্প-চেতনাত ভুমুকি মাৰিব লাগিব৷ লোকশিল্পীৰ দৃষ্টিভঙ্গী সদায়ে মনোধম¹ হোৱাত লোকশিল্পীৰ মায়াময় ৰূপনিৰ্মাণৰ প্ৰৱণতা অধিক৷ লোক-শিল্পীসকলে সচেতনভাৱে জাংপাহৰ বিন্যাস-চৌখিনতা [anatomical sophistication] দেখুওৱাতকৈ ৰূপবন্ধৰ মাজেৰে একান্তভাৱেই নিজৰ বক্তব্য প্ৰকাশ কৰাতহে অধিক গুৰুত্ব প্ৰদান কৰে৷ সেয়ে শিল্পীৰ দৃষ্টি কেন্দ্ৰীভূত হয় প্ৰধানকৈ মুখাবয়ব, হাত, ভৰি আৰু কোনো কোনো ক্ষেত্ৰত প্ৰজনন অঙ্গ স্পষ্ট কৰাত৷ দেহৰ বাকী অংশত গৌণ দৃষ্টি পৰাত ৰূপবন্ধ মায়াসুলভ হোৱাৰ প্ৰৱণতা অধিক দেখা যায় ৷ লোক-শিল্প হিচাপে পাখীযুক্ত অদ্ভূতৰূপী জন্তুটোৰ ক্ষেত্ৰত এই কথাখিনি বিবেচনা কৰি চালেই লোকশিল্পীৰ মনোৰমদৃষ্টিভঙ্গীৰ মায়াময় ৰূপ নিৰ্মাণৰ প্ৰৱণতাৰ বাবেই যে তেনে অদ্ভূতৰূপী জন্তুৰ সৃষ্টি সম্ভৱ হৈ উঠিছে এই কথা স্পষ্ট হৈ পৰিব ৷ জন্তুটোত ঘোঁৰা, ড্ৰেগন, পক্ষী আৰু সিংহ এই চাৰিটা জীৱৰ দেহৰ উপাদানৰ সমাহাৰ ঘটাই শিল্পৰূপটোত এক বিমূৰ্তৰূপ দিয়া হৈছে৷ লোক-শিল্পত বিমূৰ্ত লক্ষণো বিদ্যমান৷ কাৰণ বহুসময়ত লোক-শিল্প প্ৰতীকি, নৈব্যক্তিক, লোকাচাৰমূলক,যাদুভিত্তিক আৰু লোকপুৰাণ ভিত্তিক হোৱাত ই বিমূৰ্ততাৰ লক্ষণো বহন কৰি অহা দেখা যায় ৷ এতেকে লোক-ভাস্কৰ্য হিচাপে এই পাখীলগা সিংহৰ অদ্ভূতৰূপী প্ৰতীকলেখটো লোকশিল্পীৰ দৃষ্টিভঙ্গীৰে হৃদয়ঙ্গম কৰাৰ বাহিৰে উপায় নাই৷এতেকে শেষত এই কথাই উনুকিয়াই থ’ব পাৰি যে, শঙ্কৰদেৱৰ নামধৰ্মৰ সাধন মাৰ্গত পাখীযুক্ত সিংহটোৰ ভূমিকা হয়তো একো নাই ৷ কিন্তু আমাৰ বোধেৰে লোক শিল্পীৰ সৃষ্টি হিচাপেই কেৱল ইয়াৰ মূল্য আৰু বিমূৰ্ততাই হৈছে ইয়াৰ অৰ্থ৷ নামধৰ্মৰ সাধন মাৰ্গৰ লগত তথা নামঘৰ-স্থাপত্যৰ লগত নামসিংহহে ওতঃপ্ৰোতভাৱে জডি.ত, পাখীযুক্ত সিংহৰ অদ্ভূতৰূপী প্ৰতীকলেখটো নহয়, অৰ্থাৎ পাখীযুক্ত সিংহৰ প্ৰতীকলেখটোৰ লগত বিশেষ কোনো ধমীৰ্য় তাত্ত্বিক দিশ জডি.ত হৈ আছে বুলি কোৱাতকৈ লোকশিল্পীৰ বিমূৰ্ত চিন্তাৰেই প্ৰকাশ-প্ৰতিভূ বুলি বিচাৰ কৰিলেহে প্ৰতীকলেখটোৰ প্ৰতি উচিত বিচাৰ কৰা হ’ব যেন লাগে ৷
Comments